Birahini (বিৰহিনী) | আষাঢ় মাহৰ গান | An Assamese song by Guna Saikia
গীতিকাৰ : গুণ শইকীয়া
কণ্ঠ : সন্তোষ কলিতা
সুৰকাৰ আৰু সংগীত পৰিচালক : দীপক কুমাৰ শৰ্মা
শব্দ সংমিশ্ৰণ : অভিষেক ধৰ
বাদ্যযন্ত্ৰী : তৰুণ কলিতা, অভিষেক ধৰ, অতুল মহন্ত, মুকুল বৰা, ত্ৰৈলোক্য ডেকা
ভাষান্তৰ : কৃষ্ণ দুলাল বৰুৱা
বিশেষ কৃতজ্ঞতা : গোলাপ বৰা, যোগানন্দ ভূঞা
Lyricist: Guna Saikia
Vocal: Santosh Kalita
Music: Deepak Kumar Sharma
Sound Mixing : Abhishek Dhar
Instruments: Tarun Kalita, Abhishek Dhar, Atul Mahanta, Mukul Borah, Troilokya Deka
Translation: Krishna Dulal Baruah
Acknowledgements: Golap Borah, Jogananda Bhuyan
Video Credits:
A Kankhowa Kollective
কেনভাছ আৰু কাগজৰ কাম : অৰুন্ধতী শইকীয়া
ডিজিটেল কাম : প্ৰতাপ হাজৰিকা, অবিনাশ ভৰালী, ঋত্বিকা নিশা শইকীয়া, দিৱ্যা নাৰাংগ
ভিজুৱেলাইজেচন আৰু ভিডিঅ’ ক’লাজ : সমুদ্ৰ কাজল শইকীয়া
Canvas and Paper works: Arundhati Saikia
Digital Works: Protap Hazarika, Abhinash Bharali, Writwika Nisha Saikia, Divya Narang
Visualization and Video Collage: Samudra Kajal Saikia
গীত-
আষাঢ় মাহত যেতিয়া, ঢলফাট দিয়ে
গ্ৰীষ্মৰ উমাল উত্তাপ ধৰালৈ নামে, ধৰালৈ নামে
আকাশত যেতিয়া ক’লা মেঘবোৰে, লুকা-ভাকু খেলে
প্ৰেম কাতৰ মোৰ কিয় জানো, বিৰহিনী তোমালৈ মনত পৰে?
এতিয়াহে বুজিলোঁ, এতিয়াহে জানিলোঁ,
ঋতুৱে যে মানুহৰ মনৰ মাজত
কেনেকৈ ৰেখাপাত কৰে
নহ’লেনো কবি কালিদাসে মেঘদূত ৰচেনে
ঋতুসংহাৰ কাব্য লিখেনে?
আষাঢ় মাহত যেতিয়া ঢলফাট দিয়ে
আলসুৱা চঞ্চল মেঘে দেখোন
আকাশত অহা-যোৱা কৰে
প্ৰেম কাতৰ মোৰ হৃদয়তে
আলসুৱা আকূতি দোলা দি উঠে
পঠাব খোজোঁ মই আলসুৱা মেঘ
বিৰহৰ বাতৰি তোমাৰ কাষলৈ
তোমাৰ কাষলৈ
Lyrics-
During mid-year with the break of day,
When the summer warmth descends
Upon the earth,
When the dark clouds play
Hide-and-seek in the sky,
I remember you with my lovelorn
Heart.
I realise only now, only now do I
Perceive,
How seasons sway the human mind;
How else would have Kalidasa
Penned his ‘Meghdoot’,
Or his ‘Ritusanghar’?
During mid-year with the break of day,
The fickle frail clouds in the sky drift
To and fro,
Frail pleas swing in my pining heart,
Seeking to send my news of
Estrangement with the clouds.