"সখিয়তী" এই মাহৰ অতিথিৰ শিতানত আছে-অসমৰ বিশিষ্ট সাহিত্যিক উৎপলা বৰা বাইদেউ। তেখেতে ইতিমধ্যে কাব্য-সংকলন:- সেউজ প্ৰতীক্ষা, প্ৰেমৰ বৰষুণ এজাক; শিশু উপন্যাস:- বাবলু অনিৰুদ্ধ অৰিন্দম, জোনাক আৰু যাদুকৰী আপেল ; শিশু গল্প :- জন্তু বন্ধুৰ সাধু, চেনেহী আইতাৰ সাধু কথাৰ কুকি, --উপন্যাস "প্ৰিয় নাৰী" আদি অনেক সৃষ্টৰাজিয়ে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তুলিছে। অসমীয়া উপৰিও বাংলা ভাষাতো সাহিত্য চৰ্চা কৰা বাইদেউৰ সৈতে হোৱা কিছু বাৰ্তালাপ এই "মুখামুখি" অনুষ্ঠানত আগবঢ়ালোঁ। আজি প্ৰথম অংশ। পৰৱৰ্তী সময়ত ইয়াৰ দ্বিতীয় অংশ আগবঢ়াই দিম। ধন্যবাদ।