আজি ১ মে'
শ্ৰমিক দিৱস... আজিৰ দিনটো এটা অতি গুৰুত্বপূৰ্ণ দিন কিয়নো আজি কিছুদিন আগতে আমাৰ মাজৰ পৰা আঁতৰি গৈছে চুমিলা..., এই ধৰাত জন্ম লয়েই তাই সন্মুখীন হৈছিল এক কঠিন, দুৰ্বিসহ পৃথিৱীৰ, য'ত তাই শৈশৱৰ সকলো হাঁহি ধেমালি বিসৰ্জন দি আগবাঢ়িছিল এক অচিন পৃথিৱীলৈ... কষ্ট, যাতনা, জিয়াতুৰ বাহিৰে নাছিল কোনো ৰং, কোনো সপোন, কোনো ভৱিষ্যত... হয়তো প্ৰচণ্ড অভাৱ অনাটনৰ কাৰণেই তাই বাধ্য আছিল... তাইক শিশু শ্ৰমিক হিচাপে ৰখা হ'ল আৰু তাই বুজি নাপাওতেই তাইৰ লগত নৰ-পিশাচবোৰে চলাই গল ধৰ্ষণৰ নিচিনা ঘৃণনীয় কুকৰ্ম...
কালক্ৰমত তাইক জীৱন্তে জ্বলাই দিয়া হ'ল... এয়া চৰম বৰ্বৰতা... চাগে নৰকেও লাজ পাব, অসমৰ জীয়ৰীৰ এনেকুৱা মৃত্যু আমাৰ চৰম ব্যৰ্থতা....
আজিও চুমিলাই ন্যায় পোৱা নাই...
মোৰ এই কবিতাটি অত্যন্ত দুখ, ক্ষোভ, ঘৃণা আৰু চুমিলাৰ নিচিনা হেজাৰ জনী শিশু শ্ৰমিক বা ধৰ্ষিতাৰ ওচৰত এক ক্ষমা প্ৰাৰ্থনাৰ প্ৰকাশ... কিন্তু আমি জানো ক্ষমা লাভৰ যোগ্য??? আজিও বাধ্যত পৰি, নানান সমস্যাৰ সন্মুখীন হৈ ফুল কুমলীয়া বয়সত কত চুমিলাই হয়তো যাতনা ভুগিছে... আমি আজি ইমান ভদ্ৰ, শিক্ষিত সমাজ হৈও শিশু শ্ৰমিকৰ পৰা মুক্তি লাভ কিয় কৰিব পৰা নাই ??? কিমান শিক্ষা থাকিলে আমি বুজিম যে শিশু কেতিয়াও শ্ৰমিক হোৱাৰ যোগ্য নহয়... শিশু ৰ মন ৰং, তুলিকা, সপোনেৰে পূৰাব নোৱাৰিলে কষ্ট , যাতনা দিয়াৰ আমাৰ অধিকাৰ নাই...
I DEMAND JUSTICE FOR SUMILA AND THOUSANDS OF CHILD LABOUR
#JusticeForSumilaRonghangpi
Written, composed and performed by Minimi
Graphics and Lyrical video by Upam Mapu
Recorded, mixed and mastered by Dipak Das
Background Vocals - Dipak Das
Music produced by Ambush
Connect to MINIMI
https://www.linktr.ee/minimimusic
Connect with Upam Mapu
/ upam_mapu
©Minimi Army 2021