Minimi - Moi Khetiyok (Official Music Video) | Upam Mapu | New Assamese Rap 2020 | "Oprotirodhyo"

Опубликовано: 16 Июль 2026
на канале: Minimi
54,498
4.7k

"Moi Khetiyok", single from "Oprotirodhyo" is now playing live on YouTube.

Stream "Moi Khetiyok" by Minimi on Audio platforms: https://songwhip.com/minimi/moi-khetiyok

Song Credits (Audio) -

Written, Composed and Performed by Minimi
Music Produced by H3 Music
Recorded by Kajal Krishna
Mixed and Mastered by Poison Ivy
Digitally Distributed and Handled by Shopolo Music


Song Credits (Video) -

Concept by Minimi
Shot, Directed and Edited by Upam Mapu
Assisted by Nayan Sonowal
Colour and VFX - Upam Mapu
Production Manager - Kishor Lahkar
Thumbnail and Poster - Abhijit Laskar

Connect with Minimi : http://www.linktr.ee/minimimusic

For Show booking, Enquiry and Feedback
call at +917002339891 (manager, Ashish Kalita)
email - [email protected]

Connect with Upam Mapu :
  / upam_mapu  

Assamese Lyrics:

আজিৰ এই সময়ত কাক ভাল বুলি ক'ম!
কাৰ কথা শুনি আগুৱাম, কাক বিশ্বাসত ল'ম!
কোনে দেখুৱাব বাট, কোনে কাটিব হি কুঁৱলী!
যাৰ মুখত আছে ভাত, তাৰটো জগতখনি শুৱনি
কাৰ পদূলিতে গধূলিলে নপৰে হি ধান
কোনে পুৱাই উঠি শোৱাপাটিত পাইছে জলপান
কোনে টেঁটুলৈকে খাই উঠি গাই সুখৰ গীত
কাৰ টেঁটুলৈকে পানী, কোনে জীৱন বোলে ধিক

আমি শিকিছোঁ যি দেখিছোঁ তাৰ পৰাই আমাৰ শিক্ষা
বিকিছোঁ নিজ মাটি, ভূমিপুত্ৰই মাগে ভিক্ষা;
পৰীক্ষা, লৈছে চাগে ধৈৰ্য্যৰ;
এই কলি-কালত, বলিশালত মূৰ ৰাখি
লিখি গৈছোঁ পদ্য;

মই দেখিলেহে লেখো,
নামানো কোনো তথ্য
জন - জীৱন অভ্যস্ত
আই অসমীৰ হ'ল কষ্ট
ককবকাইছে পৃথিৱীয়ে
পৰিছে হি নৰীয়াত,
ক'ৰ'ণা এক অজুহাত,
মানুহবোৰহে অভিশাপ;

প্ৰতিবাদ যে নকৰিবি, ভৰাব তোক জেইলত!
সঁচাটো দমাই, মিছাটো ভাজিব তেলত
পাক-চক্ৰতে ঘূৰি আকৌ গাবি তয়ো গীত
কিন্তু, একেবোৰ কথাই আকৌ, হ'বই repeat

আমাৰ চাহ আৰু তেল যদি ভাৰতৰে সম্পদ
বানপানী কিয় নহয় দেশৰ সমস্যা
ধনে-ধানে যদি দেশ সঁচাকৈয়ে শকত
ফুটপাথত মানুহ কিয় মৰিছেহি ভোকত?

এটা এটা চাকৰিৰ বাবে চলে কত হুলস্থুল
নিবনুৱাক মাৰ গুলি, ধনীক শ্ৰেণীক মূৰত তোল
লাখ টকাৰ বাবদ তয়ো কিনি নে চাকৰি
তাৰ পিছত জীৱনটো খা ভৰি তুলি ভৰিত
নাযাবি যে সোঁতৰ বিপৰীত
সোণৰ চেইন লৈ, AC গাড়ীত দিবি তইও তাও
আৰু এমুঠি ভাতৰ বাবে মৰিব যে গৰীব
কোনোবাই খুলিলে মুখ, তাকো নিবি ধৰি

কোলাহল, নপৰেহি কাণত যে ৰাষ্ট্ৰীয় mediaৰ
টুইটাৰত ট্রেণ্ড কৰাই নাপাওঁ একো প্ৰতিকাৰ
খাইছোহি যদিও মুখ থেকেছা প্ৰতিবাৰ
আকৌ উঠি গাইছোঁহি গীত আমি জনতাৰ

এটাই মোৰ প্ৰশ্ন
কেতিয়ালৈ চলিম আমি কষ্টত?
কেতিয়ালৈ মুখত ল'ম শেষ মুঠি অন্ন?
কেতিয়ালৈ ধর্ম, জাতি আৰু বৰ্ণক লৈ
হৈ যাম বিভক্ত?
শিৰতে মোৰ ৰক্ত
কেতিয়ালৈ ব'ব?

মই খেতিয়ক
খুৱাও মই দেশক
মই নহয় পুঁজিপতি
নাথাকো বিদেশত
আই অসমীৰ কোলাতে মোৰ জন্ম
ইয়াতে মোৰ মৰণ
মোকো জিয়াবলে প্ৰয়োজন
অকণমান মৰমৰ
উদ্যোগ-কাৰখানাত হাবি-বন তহিলং
SAVEDEHINGPATKAI # SAVEGIBBON
জন্তু কি, মানুহ কি
একেটাই জীৱন
আমি বুজোঁতে হৈ যাব পলম
কিমান দিন চলাম,
সমস্যাত জৰ্জৰ মোৰ কলম
মই মানি লওঁ
মোৰ গানে নানে বিপ্লৱ
তথাপি লিখোঁ গীত আৰু
চিয়াঁহী মোৰ গৰম

বুকু কৰে ধপ-ধপ!
কথাবোৰে হৰে মোৰ টোপনি
ভাবি চালে টিপ-টপ জীৱন গৈছে চলি
কত হ'ল অঘৰী,
কত গল মৰি,
কত ৰ'ল পৰি,
কতই ল'লে চিপজৰী;
I'm sorry

#Minimi #Oprotirodhyo #MoKhetiyok

©Shopolo Music ©Minimi Army Productions